Pages

Search This Blog

Showing posts with label lyrics. Show all posts
Showing posts with label lyrics. Show all posts

Saturday, August 25, 2012

"নিবিড় বনে যে" কথাংশ


নিবিড় বনে যে মাতিছে যা
যা যা দুৰণিলৈ
হেৰোৱা সুবাসে মাতিছে যা
সোণৰে সঁজাটি এৰি থৈ যা
যা নিলীম আকাশলৈ
সোণালী ৰ’দেযে মাতিছে যা
জোনৰে জোনাকে মাতিছে যা
যা পখী দুৰণিলৈ
হেৰোৱা সুবাসে মাতিছে যা


শ্যামল শোভাই সানিব ৰং
অৱসাদে কৰে ধুসৰ মন
মৰুত হেৰোৱা জীৱন নদীক
বনৰ জুৰিয়ে দিবহি গতি
জীৱন মায়াৰে প্ৰাণৰ সুৰভি
বনতে বিছাৰি কঠিন শিকলি চিঙিদি যা

দূৰৰপাহাৰে দিবযে পণ
ভীৰুতাৰে কিয় ভাঙিবি মন?
জীৱন মায়াৰে প্ৰাণৰ সুৰভি
মহুৱা বনতে আকাশে বতাহে বিছাৰি যা

নিবিড় বনে যে মাতিছে যা
যা যা দুৰণিলৈ
হেৰোৱা সুবাসে মাতিছে যা